News & Events

ছলনাময় COVID - 19


 

 

ছলনাময় COVID - 19

ৰজা মহাৰজাৰ শিৰ উজ্বলোৱা

মুকূটৰ ছদ্মবেশেৰে এইবাৰ

ছলনাময় Covid-19

 

অমৃতত বিষ সনাৰ চেষ্টা

ছলনাময় Covid-19

যুগে যুগে ছলনা চলে

এইয়াও যে এটা যুগ

 

ছলনাময় ৰাৱনৰ হাতত

সীতা হৰন আছেনে মনত?

পৰিণতিৰ HIstory Geography

মাথোন মনুষ্যৰ স্মৃতিৰ কোঁঠাত

 

আৰু কব খুজিছো

ছলনাময় নাৰীৰূপত

মাতৃ দুগ্ধ পানেৰেবৃথা চেষ্টা,

 শিশু কৃষ্ণ নিপাতৰ,

 

এইবাৰ তুমি কলুসিত

কৰিব খুজিছা ৰাজ মুকুটক

সাৱধান হোৱা Covid-19

অমৃতত বিষ সনাৰ বৃথা চেষ্টা আৰু নকৰিবা

 

বিশ্বৰ কৌটি কৌটি অমৃত আজি একএিত

Covid-19

মহাৰথী, অশ্বাৰোহী আৰু পদাতিক সেনানী

 একএিত হৈ জ্ঝোতি জগাইছো

 

অস্ত্ৰবিহীন সংগ্ৰাম কৰিবলৈ

Covid-19 সাৱধান হোৱা

অমৃতত বিষ সনাৰ বৃথা চেষ্টা আৰু নকৰিবা

Covid-19.

 

লেখিকাহেমপ্ৰভা দেবী (ইলা)

11April 2020, Guwahati